ঘৰতে বহি টকা উপাৰ্জন কৰাৰ ৫টা উপায়

 বৰ্তমান ক’ভিড ১৯ মহামাৰীৰ সময়ত সকলো মানুহে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । এই আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মই এই লেখাৰ জৰিয়তে ঘৰতে বহি টকা উপাৰ্জন কৰাৰ ৫টা পদ্ধতিৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম ।

টকা উপাৰ্জন কৰাৰ ৫টা পদ্ধতি

ঘৰতে বহি টকা উপাৰ্জন কৰাৰ ৫টা উপায়

১) Blogging/ ব্লগিংঃ

Blogging/ ব্লগিং হৈছে টকা উপাৰ্জন কৰাৰ এনে এটা পদ্ধতি য’ত আপুনি আপোনাৰ সকলো জ্ঞানৰ ভঁৰাল আন মানুহৰ মাজত বিলাই টকা উপাৰ্জন কৰিব পাৰে । এইয়া এক দীঘলীয়া পদ্ধতি, অৰ্থাৎ এই পদ্ধতিৰ দ্বাৰা টকা উপাৰ্জন কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন । আপোনালোকে পঢ়ি থকা এই প্রবন্ধটোও এক প্ৰকাৰৰ ব্লগিং। এইটো পদ্ধতিৰ দ্বাৰা এজন মানুহে মাহেকত প্ৰায়  ৩০,০০০-৫০,০০০ টকা উপাৰ্জন কৰিব পাৰে । ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

২) Affiliate Marketing/ এফিলিয়েট মাৰকেটিং

এফিলিয়েট মাৰকেটিং (Affiliate Marketing) হৈছে এনেকুৱা এটা পদ্ধতি য’ত আপুনি আপোনাৰ কোনো ধৰণৰ টকা বিনিয়োগ নকৰাকৈ টকা উপাৰ্জন কৰিব পাৰে । এই পদ্ধতিৰ বিষয় কৈ শেষ কৰিব নোৱাৰি । কিন্তু মই চুটিকৈ এই বিষয়ে অলপমান উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো । এই পদ্ধতি বিশেষকৈ অনলাইনত হয় । 

এই এফিলিয়েট মাৰকেটিং পদ্ধতিত আমি যিকোনো এটা প্ৰতিষ্ঠানৰ পৰা এজন এফিলিয়েট মাৰকেটাৰ হৈ সেই প্ৰতিষ্ঠানটোৰ বাবে কিবা বস্তু বা কিবা পৰিষেৱা (service)  বিক্ৰী কৰিব লাগিব । যাৰ বাবে প্ৰতিষ্ঠানটোৱে আমাক কিছু টকা দিব । কিন্তু এই টকাৰ পৰিমাণ নিৰ্ভৰ কৰিব আপোনাৰ কৰিব পৰা বিক্ৰীৰ ওপৰত । এইটো পদ্ধতিৰ দ্বাৰাও এজন মানুহে মাহেকত প্ৰায়  ৩০,০০০-৫০,০০০ টকা উপাৰ্জন কৰিব পাৰে । কিন্তু মনত ৰাখিব এই টকাৰ পৰিমাণ নিৰ্ভৰ কৰিব আপোনাৰ কৰিব পৰা বিক্ৰীৰ ওপৰত । কাৰণ বিক্ৰী নহলে কোম্পানীয়ে আপোনাক পইচা নিদিয়ে । ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

৩) YouTube/ ইউটিউব ঃ

বৰ্তমান সময়ত বেছিকৈ জনপ্ৰিয় হোৱা এটা প্ৰচাৰ মাধ্যম হৈছে YouTube/ ইউটিউব । ডিজিটেল ইণ্ডিয়াৰ আৰম্ভৰে পৰা ভাৰতবৰ্ষৰ প্ৰায় সকলো মানুহৰে হাতে হাতে স্মাৰ্টফোন হোৱা বাবে এই মাধ্যমটো বহুত বেছি জনপ্ৰিয় হৈছে ।

এই প্ৰচাৰ মাধ্যমত টকা উপাৰ্জন কৰিবলৈ আপোনাৰ কোনো এটা বিষয়ৰ ওপৰত জ্ঞান থকাটো বৰ প্ৰয়োজন । কাৰণ আপুনি জনাখিনি ভালদৰে উপস্থাপন কৰিব পাৰিলেহে মানুহে আপোনাৰ ভিডিঅ চাব । গতিকে আপুনি এক নিশ্চিত বিষয়বস্তুৰ ওপৰত ভিডিঅ বনালেহে টকা উপাৰ্জন কৰিবলৈ সহজ হব । 

এইটো পদ্ধতিৰ দ্বাৰা এজন মানুহে মাহেকত প্ৰায়  ৩০,০০০-৫০,০০০ টকা বা কেতিয়াবা তাতোকৈ অধিকো উপাৰ্জন কৰিব পাৰে । কিন্তু এই উপাৰ্জন আপুনি দিয়া ভিডিঅৰ ভিউজৰ ওপৰত নিৰ্ভৰ কৰিব ।  

৪) Social Media/ ছ’ছিয়েল মিডিয়া 

নিশ্চয় । আপুনি ঠিক পঢ়িছে, বৰ্তমান বহুলভাৱে ব্যৱহৃত  ছ’ছিয়েল মিডিয়াৰ দ্বাৰাও আপুনি আপোনাৰ পইচা উপাৰ্জনৰ পথ বাছি উলিয়াব পাৰে । অৰ্থাৎ, সৰল ভাষাত কবলৈ গলে যদি আপুনি নৃত্য, মোডেলিং বা আপোনাৰ কথাৰ দ্বাৰা আনক কিবা এটা কামৰ বাবে প্ৰভাবিত আদি কাম কৰিব পাৰে, তেন্তে তাৰ বাবদ আপুনি টকা উপাৰ্জন কৰিব পাৰে । 

৫) Fiverr/ UpWork

যদি আপোনাৰ টেকনিকেল জ্ঞান আছে বা আপুনি যদি এনে কাম কৰি ভাল পাই, তেনেহ’লে এই দুটা মাধ্যমৰ জৰিয়তেও আপুনি নিজৰ বাবে টকা উপার্জন কৰিব পাৰে । এই দুটা প্লেটফৰ্মত থকা ভাগবোৰ তলত দিয়া হ’ল-

  • Graphic and Design
  • Digital Marketing
  • Writing and Translation
  • Video and Animation
  • Music and Audio
  • Programming and Tech
  • Data
  • Business
  • Lifestyle

আৰু বহুতো ধৰণৰ ভাগ তাত আছে । যদি আপুনি ইয়াৰ বাবে ইচ্ছ্য়ুক তেন্তে তলত দিয়া লিংকত ক্লিক কৰি চাব পাৰে ।

UpWork                 Fiverr

আজিৰ বাবে ইমানেই। যদি আপোনাকে এই পোষ্টতো পঢ়ি ভাল পাইছে, তেন্তে পোষ্টতো লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে তলত কমেণ্ট কৰি জনাওক ।

Share:

Share on facebook
Facebook
Share on twitter
Twitter
Share on pinterest
Pinterest
Jeet Kalita

Jeet Kalita

Hi, I am Jeet Kalita.
I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning

Leave a Reply

Social Media

Most Popular

Get The Latest Updates

Subscribe To Our Weekly Newsletter

No spam, notifications only about new products, updates.

Categories

On Key

Related Posts

4 Best Smartwatch under 5000

If you are looking for an android smartwatch under Rs 5000, you can check out the watches listed below. Realme Watch 3 Pro Realme Watch