Affiliate Marketing মানে কি?
Affiliate Marketing হৈছে কোনো এটা কোম্পানীৰ পৰা কমিচন লৈ সেই কোম্বানীটোৰ সামগ্ৰী বা সেৱাৰ বিক্ৰী বঢ়োৱা কাৰ্য।
আটাইতকৈ সুবিধাৰ কথাটো হল এই কাম সকলো মানুহে ঘৰতে থাকি মোবাইলৰ দ্বাৰা কৰিব পাৰে ।.
Affiliate Marketing কেনেকৈ চলে?
এই প্ৰক্ৰিয়াত সাধাৰণতে ৩ টা দল জড়িত হৈ থাকে । সেইকেইটা হল-ব্যাপাৰী(Merchant), এফিলিয়েট মাৰ্কেটাৰ(Affiliate Marketer) আৰু উপভোক্তা(Consumer) ।
ব্যাপাৰী: এজন ব্যাপাৰীক এই মাৰ্কেটখনত এজন বিক্ৰেতা, সামগ্ৰী বনোৱাজন, দোকাণী, এটা ব্ৰ্যাণ্ড আদি নাম দিও মতা হয় । যদি এজন বিক্ৰেতাই বা এটা ব্ৰ্যাণ্ডে, নিজে বনোৱা বস্তু অকলে বিক্ৰী কৰিব লগা হয়, তেনেহলে সেই ব্ৰ্যাণ্ডৰ সামগ্ৰী মাত্ৰ কিছু পৰিসৰলৈহে সীমিত হৈ থাকে ।
এফিলিয়েট মাৰ্কেটাৰ(Affiliate Marketer) ঃ এজন এফিলিয়েট মাৰ্কেটাৰে সেই কোম্পানীটোৰ এফিলিয়েট প্ৰোগ্ৰামৰ অধীনত সেই কোম্পানীটোৰ এজন এফিলিয়েট মাৰ্কেটাৰ হৈ সামগ্ৰীবোৰৰ Social Media বা আন কোনো পদ্ধতিৰে প্ৰচাৰ কৰে । যাৰ ফলত কোম্পানীটোৰ বিক্ৰীৰ মাত্ৰা বাঢ়ে আৰু ইয়াৰ ফলত হোৱা লাভৰ কিছু অংশ এফিলিয়েট মাৰ্কেটাৰজনক দিয়ে ।
উপভোক্তা(Consumer) ঃ এজন উপভোক্তাই পৰোক্ষ বা প্ৰত্যেক্ষ ভাৱে বস্তু ক্ৰয় কৰি কোম্পানীৰ লাভ হোৱাত সহায় কৰে । তাৰোপৰি কেতিয়াবা কিছুমান এফিলিয়েট মাৰ্কেটাৰক কোম্পানীয়ে কুপন কোড দিয়ে । যাৰ ফলত উপভোক্তাইও বস্তুৰ দাম কিছু পৰিমাণে ৰেহাই পায় ।
ইয়াৰোপৰি, এই প্ৰক্ৰিয়াত কিছু স্থানত আন এটা দল নেটৱৰ্ক জড়িত হৈ থাকে । এই নেটৱৰ্ক দলটোৱে বিক্ৰেতা আৰু এফিলিয়েট মাৰ্কেটাৰৰ মাজত থাকি টকা-পইছাৰ লেনদেন আৰু সামগ্ৰী ডেলিভাৰীৰ কামত নজৰ ৰাখে । যেনেঃ AMAZON, CLICKBANK, FLIPKART আদি ।
এফিলিয়েট মাৰ্কেটাৰ কেনেকৈ হব পাৰি?
এজন এফিলিয়েট মাৰ্কেটাৰ হবলৈ হলে আপুনি যিকোনো এটা কোম্পানীৰ এফিলিয়েট প্ৰোগ্ৰামৰ অধীনত যোগদান কৰিব লাগিব । যোগদানৰ সকলো প্ৰক্ৰিয়া https://blog.asomianews.com/ ৱেবচাইটোত পাই যাব ।
যদি যোগদান কৰোতে কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহলে আমাক কমেণ্ট কৰি জনাব ।
কোম্পানীয়ে এফিলিয়েট মাৰ্কেটাৰৰ লগত কেনেকৈ কাম কৰে ?
আপুনি কোম্পানীৰ এফিলিয়েট প্ৰোগ্ৰামৰ অধীনত যোগদান কৰাৰ পিছতে বা কিছুদিন পিছত কোম্পানীৰ ফালৰ পৰা এটা ই-মেইল পাব । এই ই-মেইলত কোম্পানীয়ে আপোনাক আপোনাৰ ইউজাৰ আই ডি (User ID) আৰু পাছৱোৰ্ড বা আপোনাৰ একাউণ্টৰ এটা লিংক পঠিয়াব ।
এই লিংক ত ক্লিক কৰি আপুনি আপোনাৰ একাউণ্টটো এক্টিভ কৰি লব । তাৰ পিছত আপুনি সেই কোম্পানীটোৰ সামগ্ৰী বিক্ৰী কৰিবলৈ চেষ্টা কৰিব । আৰু এই বিক্ৰী কৰাৰ বাবদ কোম্পানীয়ে কমিচন দিব । এটা সময়ত টকাৰ সর্বনিম্ন উলিয়াব পৰা পৰিমাণ পাৰ কৰাৰ পিছত আপুনি টকাখিনি আপোনাৰ বেংক একাউণ্টলৈ আনিব পাৰিব ।
এজন মানুহে এই কাম কৰি এমাহত অতি কমেও ৩০,০০০-৭০,০০০ টকা উপাৰ্জন কৰি আছে ।
যদি আপোনালোকে এই পোষ্টতো পঢ়ি ভাল পাইছে তেন্তে পোষ্টতো লাইক কৰক আৰু শ্বেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত ।