Blogging কি আৰু ইয়াৰ দ্বাৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি

ব্লগ মানে কি?

Blogging/ ব্লগিং হৈছে কোনো এটা বিষয়বস্তুৰ ওপৰত প্ৰস্তুত কৰা এক অনলাইন পোষ্ট । এইয়া হয়তো ফটোগ্ৰাফী, অইন বস্তুৰ ওপৰত কৰা ৰিচাৰ্ছ আদি বিভিন্ন কথাৰ ওপৰত হব পাৰে । 

Blogging কি আৰু ইয়াৰ দ্বাৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি

    ব্লগৰ উদ্দেশ্য কি?

    এজন ব্যক্তিয়ে বা এটা দলে বিভিন্ন কাৰণত ব্লগ আৰম্ভ কৰিব পাৰে । কিছুমান মানুহে নিজৰ ব্যক্তিগত কাৰণত, কিছুমান মানুহে নিজৰ ব্যৱসায়িক কামত, আকৌ আন কিছুমান লোকে ব্লগ লিখাক এক উপাৰ্জনৰ পথ হিছাপেও গ্ৰহণ কৰিছে । বৰ্তমান সময়ত ভাৰত দেশৰ প্ৰায় ৩০ শতাংশ মানুহে ব্লগ লিখাক এক উপাৰ্জনৰ পথ হিছাপেও গ্ৰহণ কৰিছে ।
    ব্যৱসায়িক কামত আৰম্ভ কৰা ব্লগৰ বাবে উপভোক্তাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় । কাৰণ এজন ব্লগাৰে( ব্লগ যিয়ে লিখে ) নিজৰ ৱেবচাইটৰ এটা ব্লগৰ সহায়ত  নিজৰ কিবা সামগ্ৰী বা সেৱা বিক্ৰী কৰে । এই কামত আপোনাৰ সামগ্ৰী বা সেৱাৰ এক উচ্চমানৰ ক্ষমতা থাকিব লাগিব, তেতিয়াহে উপভোক্তাসকল আপোনাৰ ওচৰলৈ আহিব ।
    সাধাৰণ ভাযাত কবলৈ গলে ব্লগ এনেকুৱা এটা মাধ্যম যিয়ে আপুনি আপোনাৰ কামৰ বাবে লক্ষ্য কৰা উপভোক্তাক আপোনাৰ লগত লগ কৰি ৰাখিব ।

    ব্লগ কেনেকৈ আৰম্ভ কৰিব?

    ব্লগ লিখা কাম আৰম্ভ কৰিবলৈ আপোনাক মুখ্যতঃ নিজৰ এটা ৱেবচাইটৰ প্ৰয়োজন । আকৌ এই ৱেবচাইটৰ বাবে মুখ্যতঃ দুটা বস্তুৰ প্ৰয়োজন ।

    • Hosting
    • Domain

     সাধাৰণ ভাষাত কবলৈ গলে  Hosting হৈছে আপুনি বসবাস কৰি থকা ৰাজ্যখন আৰু  Domain হৈছে আপোনাৰ ঘৰতো । অৰ্থাৎ যদি কোনো এজন মানুহে আপোনাৰ ঘৰৰ ঠিকনাটো শোধে তেতিয়াহলে আপুনি যিদৰে প্ৰথমে আপোনাৰ ৰাজ্য, জিলা, গাওঁ, ঘৰৰ নং কয়, ঠিক তেনেদৰে আপোনাৰ ৱেবচাইটৰ বাবেও Hosting হৈছে তাৰ থকা ঠাইখন আৰু Domain হৈছে তাৰ ঘৰতো ।

    এতিয়া অকণমান টেকনিকেল ভাষাত কবলৈ গলে  Hosting হৈছে এটা ৱেব চাৰ্ভাৰ যিয়ে আমাৰ লিখনিত ব্যবহাৰ হোৱা ফটো, ভিডিঅ, লেখা আদি সুৰক্ষিতভাৱে জমা কৰি ৰাখিবলৈ ঠাই দিয়ে, যাৰ বাবদ আমি কিছু পইছা দিব লাগে ।

    আকৌ Domain হৈছে আমাৰ ৱেবচাইটৰ নাম । ইয়াকো আমি প্ৰথমতে পইচা দি কিনি লব লাগে । 

    ৱেবচাইট কেনেকৈ বনাব লাগে সেই বিষয়ে আমি পিছত ভালদৰে জানিম, বৰ্তমান মই এটি আভাসহে দি থৈছো ।

    ব্লগৰ গঠন 

    সময়ৰ লগে লগে ব্লগৰ গঠন সলনি হৈ গৈ আছে । আগতে এটা সাধাৰণ ষ্টাইলৰ সহায়ত মানুহে ব্লগ লিখিছিল । কিন্তু আজিকালি বিভিন্ন ধৰণৰ আইটেমৰ সহায়ত ইয়াক দেখনিয়াৰ কৰি মানুহক আকৃষ্ট কৰে । ব্লগ লিখাৰ এটা সাধাৰণ গঠন আছে । সেই গঠনটো তলত ফটো আকাৰে দিয়া হল ।
    ব্লগৰ গঠন

    এই ফটোতোৰ সহায়ত নিশ্চয় এটা ধাৰণা পাইছে । 

    Blogging ৰ দ্বাৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? 

    ব্যৱসায়িক কামৰ বাবে ব্যবহাৰ কৰা ব্লগৰ কথা বাদ দি যদি আমি নিজা ব্লগৰ কথা আলোচনা কৰোঁ, তেনেহলে এটা ব্লগ ৱেবচাইট মনিটাইজ কৰি বা এফিলিয়েট মাৰ্কেটিং কৰি টকা উপাৰ্জন কৰিব পাৰি । 
    এটা ব্লগ ৱেবচাইট Google AdSense ৰ দ্বাৰা মনিটাইজ কৰিবলৈ হলে সেই ৱেবচাইটতো অতি কমেও ৩ মাহ পুৰণি হোৱাটো দৰকাৰ । 
    এই ৩ মাহৰ সময়সীমাত আপুনি সদায় ৬০০-১০০০ শব্দৰ আনতকৈ অলপ বেলেগ ব্লগ পোষ্ট লিখাটো বাঞ্ছনীয় । যদি আপুনি এদিন লিখি বাকী কেইদিন বহি থাকে তেনেহলে কাম নচলিব । 
    তাৰোপৰি আপুনি এফিলিয়েট মাৰ্কেটিংৰ সহায়তো নিজৰ ব্লগ ৱেবচাইটতো মনিটাইজ কৰিব পাৰে । 
    আপোনাৰ ৱেবচাইটতো মনিটাইজ হোৱাৰ পিছত আপুনি নিজৰ ৱেবচাইটতোত Ads দেখুৱাই পইছা উপাৰ্জন কৰিব পাৰিব ।

    সামৰণি ঃ

    যদি আপোনালোকে এটি ব্লগ ৱেবচাইট বনাব বিছাৰে তেতিয়াহলে তলত কমেণ্ট কৰক আৰু যদি এই পোষ্টতো পঢ়ি ভাল পাইছে তেন্তে লাইক কৰি নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক ।

    Share:

    Share on facebook
    Facebook
    Share on twitter
    Twitter
    Share on pinterest
    Pinterest
    Jeet Kalita

    Jeet Kalita

    Hi, I am Jeet Kalita.
    I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning

    Leave a Reply

    Social Media

    Most Popular

    Get The Latest Updates

    Subscribe To Our Weekly Newsletter

    No spam, notifications only about new products, updates.

    Categories

    On Key

    Related Posts

    4 Best Smartwatch under 5000

    If you are looking for an android smartwatch under Rs 5000, you can check out the watches listed below. Realme Watch 3 Pro Realme Watch