Digital marketing ত যথেষ্ট পৰিমাণে সহায় কৰা আন এক মাৰ্কেটিং ষ্ট্ৰেটেজী হৈছে Email marketing । আপুনি জানিবলৈ ইচ্ছ্যুক নে কি এই Email marketing আৰু কেনেকৈ ইয়াৰ সহায়ত মাৰ্কেটিং কৰিব পাৰি? সকলো জানিবলৈ পোষ্টতো সম্পূৰ্ণ পঢ়ক ।
Email marketing কি?
Email marketing হৈছে Digital marketing ৰ এক ব্ৰহ্মাস্ত্ৰ । ইয়াক নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে, শিক্ষা সম্প্ৰাসৰণ অথবা কিবা সেৱাৰ বিষয়ে প্ৰচাৰ চলোৱা আদি কামত ব্যৱহাৰ কৰা হয় । ইয়াৰোপৰি এই মাৰ্কেটিং ষ্ট্ৰেটেজীয়ে নিজৰ customer বিলাকক সদায় update কৰি ৰখাত সহায় কৰে।
ই-মেইল মাৰ্কেটিংৰ ইতিহাস
বিশ্বৰ প্ৰথমটো ই-মেইল ১৯৭১ চনত ৰেই টমলিনচন নামৰ এজন ইঞ্জিনিয়াৰে পঠাইছিল । এই ই-মেইলটো মাত্ৰ কিছুমান নম্বৰ আৰু আখৰৰ সহায়ত লিখা হৈছিল । ৰেই টমলিনচনেই প্ৰথমতে “@” চিহ্নটোৰ ব্যৱহাৰ কৰিছিল ।
আকৌ ১৯৭৮ চনত, Digital Equipment Corp ৰ মেনেজাৰ GaryThuerk এ এই পদ্ধতিটোক ব্যৱসায়িক Communication হিচাপে ব্যৱহাৰ কৰি মানুহৰ মাজত জনাজাত কৰি তুলিছিল ।
ডাটা সংগ্ৰহঃ Mailchimp
Email marketingৰ সুবিধা
প্ৰথমতে উল্লেখ কৰা কথাবোৰেই Email marketing ৰ সুবিধা বুলি কব পাৰি। ই এজন Blogger আৰু তাৰ পঢ়ুৱৈসকলৰ মাজৰ সম্পর্ক অটুট ৰখাত সহায় কৰে । লগতে ই পঢ়ুৱৈসকলকো update কৰি ৰাখে । DMA অৰ্থাৎ Direct Marketing Association, U.K ৰ সমীক্ষাৰ পৰা গম পোৱা গৈছে যে প্ৰতি ১ ডলাৰৰ বাবদ ৩৮ ডলাৰ উপাৰ্জন হৈছে। অৰ্থাৎ ১ ডলাৰ খৰচৰ বাবদ ৩৭ ডলাৰ লাভ হৈছে।
আকৌ এই Email marketing ব্যবহাৰেৰে ৱেবচাইটলৈ ট্ৰেফিক আনি আপুনি আপোনাৰ ৱেবচাইটৰ Revenue বঢ়াৱ পাৰে।
ই-মেইল মাৰ্কেটিঙৰ বাবে কোনটো কোম্পানীৰ চফ্টৱেৰ ব্যবহাৰ কৰিব?
ই-মেইল মাৰ্কেটিঙৰ বাবে ইণ্টাৰনেটত বহুতো কোম্পানীৰ চফ্টৱেৰ পাব, কিন্তু মই আপোনাক Mailchimp ৰ যাবলৈহে পৰামৰ্শ দিম। কাৰণ ইয়াক মই ব্যক্তিগতভাৱেও ব্যৱহাৰ কৰো আৰু ইয়াৰ সুবিধাও বহুত । এই সুবিধাৰ কথা মই আন এটা ব্লগত কম গতিকে আজি মাত্ৰ Email marketing কি আৰু লগত জড়িত কিছুমান কথাহে আলোচনা কৰিলোঁ।
যদি ব্লগ পোষ্টটো পঢ়ি আপুনি ভাল পালে তেন্তে পোষ্টটো নিজৰ বন্ধু-বান্ধবীৰ লগতো শ্বেয়াৰ কৰক । লগতে তলত থকা Newsletter অংশত নিজৰ ই-মেইলটো বহাই Subscribe কৰি লওক যাতে মই আপলোড কৰা ব্লগ পোষ্টৰ নোটিফিকেচন আপুনি পায়।