বৰ্তমানে এই কম্পিটছন মাৰ্কেটত এটা ব্লগ পোষ্ট লিখিবলৈ keyword research কৰাটো অত্যন্ত জৰুৰী। কোনো এটা বিষয়ৰ ওপৰত লিখিম বুলি নিশ্চিত কৰাৰ পিছত সেই বিষয়ৰ সাধাৰণ জ্ঞান থকাটো বৰ জৰুৰী। ইয়াৰ ফলত সেই বিষয়ৰ প্ৰতি আপোনাৰ মনটো এটা উৎচুকতাৰ ভাৱ বা উক্ত বিষয়টোৰ ওপৰত আপুনি তথ্য বিচৰাৰ মন বহিব।
তেতিয়া আপুনি কেইৱৰ্ড অপ্তিমাইছেজনৰ কথা জানিব পাৰিব।
Keyword Research ৰ আৰম্ভণি কি?
এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত তথ্য বিচৰা সহজ নহয়। এই কাৰ্যত বহু কথা চালি- জাৰি চাব লাগে। আজিকালি ইণ্টাৰনেটত মানুহক আকৰ্ষণ কৰাৰ বাবে হকে বিহকে মিছা তথ্য বা ভিদিও দি থাকে। কিন্তু সদায় সঁচা কথাৰ ওপৰত ভিত্তি কৰিহে আপুনি আপোনাৰ পোষ্ট লিখাৰ চেষ্টা কৰিব।
Keyword Research ৰ আৰম্ভণিৰ বাবে আপুনি প্ৰথম আপোনাৰ টপিকটো বা বিষয়বস্তুটো ইণ্টাৰনেটত উপলদ্ধ আছেনে চাওক। যদি নাই তেন্তে আপোনাৰ পোষ্টৰ বাবে সাধাৰণ SEO এ যথেষ্ট। কিন্তু যদি সেই বিষয়ৰ ওপৰত বহুত ব্লগ পোষ্ট আছে, তেন্তে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব।
১) প্ৰথমতে Google ত ইতিমধ্যে সেই বিষয়ৰ ওপৰত ৰেংক কৰি থকা পোষ্ট ৰ অতিকমেও ৫ টা ভালকৈ পঢ়ক ।
২) পঢ়ি থাকোতে লক্ষ্য কৰি থাকিব যে main keyword আৰু সেই keyword ৰ related keyword বোৰ কোন কোন স্থানত বহাইছে? ইয়াৰ পৰা আৰম্ভ হয় Keyword Optimization শিকাৰ এটা পথ।
৩) তাৰোপৰি কোন ঠাইত কেনেকুৱা প্ৰশ্নৰ উত্তৰ দিব চেষ্টা কৰিছে চাওক। হয়, এইটো মই এইকাৰণে চাব দিছোঁ যাতে Question Hub ৰ পৰা লিখা প্ৰশ্নৰ উত্তৰটো সেই ব্লগ পোষ্টটোৰ নিশ্চয় কিবা অৰিহনা আছে।(Question Hub ৰ দ্বাৰা Google এ পোষ্ট সোনকালে বিচাৰি পায় আৰু ৰেংক কৰিবলৈ চেষ্টা কৰে।)
৪) inter linking– ইয়াৰ দ্বাৰা আগতে লিখা বা আপলোড কৰা পোষ্ট বোৰ মানুহক দেখুওৱা হয়। গতিকে ব্লগ পোষ্ট পঢ়োতে এইটোও মন কৰিব লাগিব যে সেই ব্লগাৰজনে কোনটো কথাৰ দ্বাৰা মানুহক আন এটা পোষ্টলৈ নিব বিচাৰিছে।
৫) সেই গোটেই ব্লগ পোষ্ট বিলাকৰ লিখাৰ পদ্ধতি বা লিখাৰ ষ্টাইল মন কৰিবলগীয়া। প্ৰায় সকলো Professional blogger এ শেষত নিজৰ reader সকলক ধৰি ৰাখিবলৈ সেই বিষয়ৰ লগত সাদৃশ্য থকা এটা প্ৰশ্ন সোধে বা তাৰ পৰবৰ্তী পোষ্টৰ বাবে অপেক্ষা কৰিবলৈ জনায় আৰু নতুন পোষ্টৰ আপলোডৰ কথা গম পাবলৈ NEWSLETTER ত গৈ SUBSCRIBE কৰি থব কয়। যাতে নতুন পোষ্ট আপলেড কৰিলে মানুহে গম পায়।
এইবিলাক যথেষ্ট সৰু কথা কিন্তু মন কৰিবলগীয়া। ইয়ে আমাক আমি লিখা ব্লগ পোষ্টতো আনতকৈ Informative কৰাত সহায় কৰিব।
Keyword Optimization কি?
বহুতো নতুন ব্লগাৰে এই কথাতো বুজি নাপায় আৰু নিজৰ ৱেবচাইটৰ পোষ্টবোৰ ৰেংক কৰিবলৈ গৈ Keyword Optimization ৰ ঠাইত Keyword Stuffing কৰি পেলায়। যাৰ ফলত তেওঁলোকৰ পোষ্টবোৰ ৰেংক নহয় আৰু মানুহেও পঢ়ি ভাল নাপায় ।
এনেকুৱা পোষ্টবোৰ চাবলৈ মানুহে যদি কেতিয়াবা আহেও, তথাপি তেওলোকে ১ মিনিট নহওতে উভতি যায়। ইয়াৰ ফলত Google এ ৱেবচাইটো down কৰি দিয়ে।
এই কামৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতো ব্লগাৰে কিছুমান plugin ৰ সহায় লয়। এনেকুৱা plugin বিলাকৰ যথেষ্ট দাম হয় যদিও ই আমাক যথেষ্ট সহায় কৰে । এনেকুৱা এবিধ plugin হ’ল YOAST SEO plugin ।
Keyword research ৰ বাবে কোনটো কোম্পানীৰ চফ্টৱেৰ লোৱা উচিত?
যদি আপুনি অতি কম দামত YOAST SEO plugin কিনিব বিছাৰে তেন্তে ইয়াত ক্লিক কৰক। লগতে আপুনি যদি Ahrefs Keyword research টুল ব্যৱহাৰ কৰিব বিছাৰে তেন্তে ইয়াত ক্লিক কৰক।
This Post Has One Comment
Pingback: How to write the best SEO-friendly article? - Helpertip