SEO কি আৰু ৱেবচাইটত ইয়াৰ প্ৰয়োজনীয়তা কি?

SEO কি?

 SEO ৰ সম্পূৰ্ণ নামটো হৈছে Search Engine Optimization । ইয়াৰ প্ৰধান কাম হৈছে যে ই আপোনাৰ ৱেবচাইটোৰ লগত সাদৃশ্য থকা কথা কোনোবাই চাৰ্ছ কৰিলে আপোনাৰ ৱেবচাইটোৰ ৰেংক ওপৰলৈ উঠোৱা ।

SEO কি আৰু ৱেবচাইটত ইয়াৰ প্ৰয়োজনীয়তা কি?

SEO ই কেনেকৈ কাম কৰে?

Search Engine Optimization যেনে Google, Bing, Yandex আদিবোৰে আপোনাৰ ৱেবচাইটলৈ কিছুমান বট্চ পঠাই দিয়ে, এই বট্চবোৰে আপোনাৰ ৱেবচাইটো CRAWL কৰি ৱেবচাইটো ৰেংক কৰিবলৈ প্ৰয়োজন হোৱা সকলো তথ্য সংগ্ৰহ কৰি লয় । ইয়াৰ পিছত বট্চবোৰে পেজ সেইবিলাক ডাটা index হিছাপে জমা কৰি থয়।

এবাৰ পঢ়কঃ Affiliate Marketing মানে কি?

SEO অপটিমাইজেচনৰ এক ডাঙৰ কোম্পানী Moz ৰ ফাউণ্ডাৰ Rand Fishkin য়ে Mashlow’s Hierarchy ৰ সূত্ৰৰ দৰেকৈ SEO বাবে এখন পিৰামিড আকাৰত মন কৰিবলগীয়া কথাবোৰ ভাগ কৰিছে । তলত তাৰ ফটো দিয়া হল ।

উৎসঃ Moz অফিছিয়েল ৱেবচাইট

ইয়াত উল্লেখ থকা ৭ টা ভাগে এটা ৱেবচাইটক ৰেংক কৰাত সহায় কৰে। কিন্তু এই কথা সঠিকভাৱে কোৱাটো টান যে এই ৭ টা কথা মনত ৰাখিলে আপোনাৰ ৱেবচাইট ৰেংকত থাকিব । কাৰণ গুগল বা আন বেলেগ Search Engine বোৰে ৱেবচাইট চেক কৰাৰ এলগৰিঠম প্ৰায়ে সলনি কৰি থাকে । 

ৱেবচাইটত SEO ৰ প্ৰয়োজনীয়তা কি?

 বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰে ৱেবচাইটত traffic আনিব পাৰি। বহুতে Google Ads, Social Media Adv. আদি কৰি নিজৰ ৱেবচাইটত traffic আনে কিন্তু ইয়াৰ সময়সীমা থাকে। অৰ্থাৎ এই প্লেটফৰ্মবিলাকত এডভাৰ্টাইজ কৰিব লাগিলে আপোনাৰ বহু পৰিমাণৰ টকা বিনিয়োগ কৰিব লগা হয় । 
যদি ৱেবচাইটত ভালদৰে SEO অপটিমাইজেচন কৰা হয়, লগতে কিৱোৰ্ড অপটিমাইজেচন কৰা হয়,তেনেহলে পেইড এডভাৰ্টাইজ নকৰিলেও আপোনাৰ ৱেবচাইটত traffic আহিব। 
 
এটা পোষ্ট ৰেংক কৰিবৰ বাবে মাত্ৰ SEO অপটিমাইজেচন কৰিলেই নহব । ইয়াৰ বাবে আপোনাৰ ৱেবচাইটৰ চাৰ্ভাৰৰ স্পীডো ভাল হব লাগিব। লগতে ৱেবচাইটৰ চাৰ্ভাৰত আপলোড কৰা ফটোবোৰ অপটিমাইজ কৰি আপলোড কৰিব লাগিব, যাতে ফটোখন লোড হওতে বেছি সময় নালাগে ।

যদি এই কথাখিনি পঢ়ি ভাল পাইছে, তেতিয়াহলে পোষ্টতো নিজৰ বন্ধু-বান্ধবীৰ লগত শ্বেয়াৰ কৰক আৰু আপোনাৰ মনত যদি কিবা প্ৰশ্ন আছে তেন্তে কমেণ্ট বক্সত জনাওক ।

Share:

Share on facebook
Facebook
Share on twitter
Twitter
Share on pinterest
Pinterest
Jeet Kalita

Jeet Kalita

Hi, I am Jeet Kalita.
I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning

Leave a Reply

Social Media

Most Popular

Get The Latest Updates

Subscribe To Our Weekly Newsletter

No spam, notifications only about new products, updates.

Categories

On Key

Related Posts

affiliate link

What Does Affiliate Link Mean?

An affiliate link is a specific URL that contains the affiliate’s ID or username. In affiliate programs, advertisers use affiliate links to record the traffic