The Best Five 5G Smartphone Under 20000

 আজি আমি ২০২১ চনত লব পৰা The Best Five 5G Smartphone Under 20000 ৰ ভিতৰত কিনিব পৰা মোবাইলৰ কথা আপোনাক জনাম। গতিকে, পোষ্টতো ভালদৰে পঢ়ক। লগতে আপুনি যদি পোষ্টতো পঢ়ি ভাল পায়, তেন্তে পোষ্টতো আপোনাৰ লগৰ লগত শ্বেয়াৰ কৰক ।

1) Realme X7 5G

Realme X7 5G

এই ফোনটো আমাৰ লিষ্টত প্ৰথমতে ৰখা হৈছে । কাৰণ ইয়াত ৫ টা 5G বেণ্ড n1/n41/n77/n78 আছে । যাৰ ফলত আমি ভৱিষ্যতৰ 5G টেকনলজিৰ বাবে বেছি চিন্তা কৰি থাকিবলগীয়া নহয়। 

ইয়াত MediaTek Dimensity 800U প্ৰছেছৰ আছে । ই এটা 5G প্ৰছেছৰ, যাৰ ক্লক ফ্ৰীকুয়েন্সি প্ৰায় 2.4GHz লৈ বাঢ়ি যাব পাৰে । তাৰোপৰি ইয়াত LPDDR4X RAM আৰু UFS 2.1 ROM আছে । যাৰ ফলত কোনো এটা ডাঙৰ ফাইল অতি কম সময়ৰ ভিতৰত শ্বেয়াৰ কৰিব পৰা যায়। 

Realme X7 5G ত এখন ১৬.৩ চেঃমিঃ ডাঙৰ Super AMOLED Display আছে । লগতে ইয়াত আছে ইন ডিচ্প্লে ফিংগাৰপ্ৰিণ্ট স্কেনাৰ আৰু 4220mAh ৰ এটা ডাঙৰ বেটাৰী আছে। ইয়াৰ অফিছিয়েল দাম হৈছে ১৯,৯৯৯ টকা। ইয়াৰোপৰি আপোনাৰ যদি HDFC Bank ৰ Credit Card আছে, তেন্তে আপুনি আৰু ৭৫০ টকা ৰেহাই কৰিব পাৰিব। 


গতিকে ইয়াক আমি The Best Five 5G Smartphone Under 20000 ৰ ভিতৰত ৰাখিব পাৰোঁ। 

2) IQOO Z3 5G 

Image Source: IQOO Official Website

            এই ফোনটো আমাৰ লিষ্টত দ্বিতীয় স্থানত ৰখা হৈছে । কাৰণ ইয়াত মাত্ৰ ২ টা 5G বেণ্ড n77/n78 আছে । যাৰ বাবে হয়তো আমি 5G টেকনলজিৰ কথা চিন্তা কৰিবলগীয়া হব পাৰে। কিন্তু এই 5G টেকনলজিৰ কথা বাদ দিলে, এই ফোনটোক আমি প্ৰথম স্থানত ৰাখিব পাৰোঁ। 
           এই মোবাইলটোত থকা Qualcomm Snapdragon 768G 5G প্ৰছেছৰটোৱে মোবাইলটোক 765প্ৰছেছৰৰ মোবাইলবিলাকতকৈ সাধাৰণ ভাল Performance দিয়ে। যদিও এইটো এটা নতুন প্ৰছেছৰ তথাপি IQOO য়ে ইয়াক ইমান ভালদৰে অপটিমাইজ কৰিছে যে গেম খেলোতে ইয়াক হাই চেটিঙছত, কোনোধৰণৰ লেগ নোহোৱাকৈ খেলিব পাৰি। 
          তাৰোপৰি এই স্মাৰ্টফোনটোত থকা তিনিটা লিকুইড কুলিং লেয়াৰে মোবাইলটোক গৰম হোৱা বা গেম খেলি থকা সময়ত হাই চেটিঙছৰ পৰা লো চেটিঙছলৈ বা ফ্ৰেম ড্ৰপ আদি সমস্যাৰ পৰা দূৰত ৰাখে। 
         ইয়াৰ অফিছিয়েল দাম হৈছে ১৯,৯৯0 টকা। কিন্তু আপুনি যদি ইয়াক Amazon India ৰ পৰা কিনে, তেন্তে ইয়াত ১০০০ টকাৰ ডিচকাউণ্ট কুপন এপ্লাই কৰি আপুনি মোবাইলটো ১৮,৯৯০টকাত কিনিব পাৰিব। ইয়াৰোপৰি আপোনাৰ যদি ICICI Bank ৰ Credit Card আছে, তেন্তে আপুনি আৰু ১৫০০ টকা ৰেহাই কৰিব পাৰিব। 

3) Samsung Galaxy M42 5G

এই মোবাইলটো সম্পূৰ্ণৰূপে ২০,০০০ টকাৰ ভিতৰত নহয় যদিও ডিচকাউণ্ট আদি লগাই ইয়াক ২০,০০০টকাৰ ভিতৰত আনিব পাৰি আৰু সেইবাবে এই ফোনটোক মই এই লিষ্টত ৰাখিছো।
Image Source: Samsung Official Website

                   5G টেকনলজিৰ কথা কোৱাৰ আগত মই কৈ থও ইয়াত মুঠ ৫ টা 5G বেণ্ড n1/n41/n77/n78 আছে । মই ভাবো ইয়াৰ বাবে একো চিন্তা কৰিবলগীয়া নাই কাৰণ এই স্মাৰ্টফোনটোত ফুল কেৰিয়াৰ এগ্ৰিকেচন পোৱা যায়। মানে বৰ্তমান 4G টেকন’লজি থাকিলেও 4G+ দেখাই থাকিব, যাৰ ফলত নেটৰ স্পীড ভাল পোৱা যাব। 
                  আমি জানো যে Samsung য়ে সদায় কেমেৰাৰ ওপৰত ধ্যান দিহে মোবাইল বনাই। কিন্তু এইবাৰ এই ফোনটোত তেওঁলোকে গেমিংৰ ওপৰতো ধ্যান দি Qualcomm Snapdragon 750G 5G প্ৰছেছৰটো ব্যৱহাৰ কৰিছে। তাৰোপৰি এইটো Samsung M চিৰিজৰ প্ৰথমটো স্মাৰ্টফোন য’ত NFC, KNOX security, samsung pay আদিৰ সুবিধা আছে। Samsung ৰ ডিচপ্লেৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাৱো। ইয়াত Super AMOLED Display, LPDDR4X RAM, UFS 2.1 ROM আৰু 5000 mAh ৰ এটা ডাঙৰ বেটাৰী আছে।
                ইয়াৰ অফিছিয়েল দাম হৈছে ২১,৯৯0 টকা। কিন্তু আপুনি যদি ইয়াক Amazon India ৰ পৰা কিনে, তেন্তে ইয়াত ১০০০ টকাৰ ডিচকাউণ্ট কুপন এপ্লাই কৰি আপুনি মোবাইলটো ২০,৯৯০টকাত কিনিব পাৰিব। ইয়াৰোপৰি আপোনাৰ যদি HDFC Bank ৰ Credit Card আছে, তেন্তে আপুনি আৰু ২০০০ টকা ৰেহাই কৰিব পাৰিব। অৰ্থাৎ আপুনি ফোনটো ১৮,৯৯০টকাত কিনিব পাৰিব ।

4) OPPO A74 5G 

Image Source: OPPO Official Website

           যদি আপুনি এনেকুৱা এজন ইউজাৰ হয় যিয়ে গেম বা বেছি কঠিন কাম নকৰে তেন্তে OPPO A74 5G আপোনাৰ বাবে বেষ্ট অপচন হব পাৰে। 

           ইয়াত ৫ টা 5G বেণ্ড n1/28A/41/77/78 আছে । এই ফোনটোত Qualcomm® Snapdragon™ 480 5G প্ৰছেছৰ আছে। যিটো MediaTek Dimensity 700 প্ৰছেছৰতকৈ যথেষ্ট ভাল। ইয়াৰোপৰি ইয়াত LCD Displayৰ লগতে 90Hz refresh rate, LPDDR4X RAM, UFS 2.1 ROM, আৰু 5000 mAh ৰ এটা ডাঙৰ বেটাৰীও আছে।

           ইয়াৰ অফিছিয়েল দাম হৈছে ১৭,৯৯0 টকা। কিন্তু আপুনি যদি ইয়াক Amazon India ৰ পৰা কিনে, তেন্তে আপুনি আপোনাৰ যদি HDFC Bank ৰ Credit Card জৰিয়তে ২০০০ টকা ৰেহাই কৰিব পাৰিব। অৰ্থাৎ আপুনি ফোনটো ১৫,৯৯০টকাত কিনিব পাৰিব ।

5) Mi 10i 5G

      Samsung Galaxy M42 5G ৰ দৰে এই মোবাইলটোও সম্পূৰ্ণৰূপে ২০,০০০ টকাৰ ভিতৰত নহয় যদিও ডিচকাউণ্ট আদি লগাই ইয়াক ২০,০০০টকাৰ ভিতৰত আনিব পাৰি আৰু সেইবাবে এই ফোনটোক মই এই লিষ্টত ৰাখিছো।

Image Source: Mi Official Website

      ইয়াত মাত্ৰ দুটা 5G বেণ্ড  n77/n78 আছে। এই মোবাইলটোত Qualcomm Snapdragon 750G 5G প্ৰছেছৰ আছে। ইয়াত FHD+ Display ৰ লগতে 120Hz refresh rate , LPDDR4X RAM, UFS 2.2 ROM আৰু 4820 mAh ৰ এটা ডাঙৰ বেটাৰী আছে। তাৰোপৰি ইয়াত আছে 108MPৰ এটা বেক কেমেৰা।

       ইয়াৰ অফিছিয়েল দাম হৈছে ২০,৯৯0 টকা। কিন্তু আপুনি যদি ইয়াক Amazon India ৰ পৰা কিনে, তেন্তে আপুনি আপোনাৰ যদি HDFC Bank ৰ Credit Card জৰিয়তে ১০০০ টকা ৰেহাই কৰিব পাৰিব। অৰ্থাৎ আপুনি ফোনটো ১৯,৯৯০টকাত কিনিব পাৰিব।

যদি আপুনি এই পোষ্টটো পঢ়ি ভাল পাইছে, তেন্তে পোষ্টটো শ্বেয়াৰ কৰক।


Share:

Share on facebook
Facebook
Share on twitter
Twitter
Share on pinterest
Pinterest
Jeet Kalita

Jeet Kalita

Hi, I am Jeet Kalita.
I am sharing my personal experience, tips& tricks, and some exclusive information. Keep learning

Leave a Reply

Social Media

Most Popular

Get The Latest Updates

Subscribe To Our Weekly Newsletter

No spam, notifications only about new products, updates.

Categories

On Key

Related Posts

affiliate link

What Does Affiliate Link Mean?

An affiliate link is a specific URL that contains the affiliate’s ID or username. In affiliate programs, advertisers use affiliate links to record the traffic